Wednesday, July 25, 2018

হাৰ্দিক পেটেলক দুবছৰৰ কাৰাদণ্ড
হাৰ্দিক পেটেলক দুবছৰৰ কাৰাদণ্ডৰ ৰায় ঘোষণা গুজৰাট আদালতৰ। হাৰ্দিক পেটেলৰ লগতে লালজিৎ পেটেল আৰু এ কে পেটেলক দুবছৰৰ কাৰাদণ্ডৰ লগতে ৫০ হেজাৰ টকাকৈ জৰিমণা বিহা হৈছে। ১৪ জনক তথ্য প্ৰমাণৰ অভাৱত আদালতে ৰেহাই দিছে।

উল্লেখ্য যে, ২০১৫ চনৰ ২৩ জুলাইত গুজৰাটৰ মেহছানা জিলাত পেটেল সম্প্ৰদায়ৰ সংৰক্ষণৰ দাবীত হোৱা আন্দোলনৰ নেতৃত্ব দিছিল ছাত্ৰ নেতা হাৰ্দিক পেটেলে। এটা সময়ত এই সংৰক্ষণ আন্দোলনে সাম্প্ৰদায়িকতাৰ ৰূপ ধাৰণ কৰিলে। বিদ্ৰোহী হৈ পৰা আন্দোলনৰ কোনো লোকে স্থানীয় বিজেপি বিধায়ক ঋষিকেশ পাটিলৰ বাসগৃহ আক্ৰমণ কৰিছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে হাৰ্দিক পেটেলকে ধৰি নেতৃত্ব দিয়া সকলৰ বিৰুদ্ধ গোচৰ ৰুজু কৰা হৈছিল।

লক্ষ্ণণীয় বিষয়টো হ’ল গুজৰাট বিধানসভা নিৰ্বাচনত হাৰ্দিক পেটেলে বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে পৰিবেশ সৃষ্টি কৰিছিল। বহু সময়ত বিজেপিক এক সংকটময় অৱস্থালৈ ঠেলি দিছিল। পেটেল সম্প্ৰদায়ৰ সংৰক্ষণৰ বাবে হাৰ্দিকৰ আন্দোলনে সমগ্ৰ গুজৰাটৰ লগতে অন্যান্য অঞ্চলটো প্ৰভাৱ পেলাইছিল। পেটেলক তিনিবছৰ পুৰণি কেচ এটাকলৈ দুবছৰৰ বাবে কাৰাৰুদ্ধ কৰা বিষয়টো দেশৰ ৰাজনৈতিক মহলতো আলোচনাৰ বিষয় হৈ পৰিছে।